gargaoncollege@rediffmail.com 03772 296164
Home College Anthem

College Anthem

মহাবিদ্যালয় সংগীত

কথা: ড‌ঃ লীলা গগৈ
সুৰ: ডঃ ললিত শ্যাম

নিবিড় তিমিৰ ভেদি
পোহৰৰে সীমা খেদি
আমি আগুৱাই যাওঁ...
ৰণুৱা বনুৱাৰ দেশ গঢ়া সপোনৰ
আমি জয় গীত গাওঁ।
দীনতা,
হীনতা,
নীচতা ভীৰুতাৰ
হওক অৱসান
জ্ঞানৰ বন্তি জালি
প্ৰাণৰ জেউতি ঢালি
গাওঁ জীৱনৰ গান
আমি গাওঁ জীৱনৰ গান।
এই গানৰ সুৰত
সেই ত্যাগৰ বুকুত
এই দীপ্ত আলোকত আমি
জয়গীত গাওঁ
গড়গাঁৱে সাৰ পাব
লাচিত সেনানী হ'ব
জয়া-মূলা গাভৰুৰ
প্ৰাণৰ শকতি লৈ
আমি আগুৱাই যাওঁ।

  Download

To provide quality education by infusing a new spirit among the learners' is the prime objective of the college. It will be our endeavor to march ahead with this motto and pursue knowledge in a fruitful way.